Mridupawan Baruah

Mridupawan Baruah

Share

Founder @amiasomiyaofficial

Photos from Ami Asomiya NGO's post 07/04/2026

•স্বাস্থ্য সজাগতা সভা আৰু বিনামূলীয়া চিকিৎসা শিবিৰ•

যোৱা, ইংৰাজী ৬ এপ্ৰিল - ২০২৬ তাৰিখে, গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাণিজ্য বিভাগৰ তত্ত্বাৱধানত তথা 'আমি অসমীয়া' (Ami Asomia) এন.জি.অ’ৰ উদ্যোগত, লগতে 'ৰেড ট্ৰাইচেছ' (Red Tricesss) আৰু 'এপ’ল’ ক্লিনিক, উলুবাৰী' (Apollo Clinic, Ulubari) ৰ সহযোগত এক বিশেষ স্বাস্থ্য সজাগতা আলোচনা চক্ৰ আৰু বিনামূলীয়া চিকিৎসা শিবিৰ সফলতাৰে সম্পন্ন কৰা হয়।

আমাৰ এন.জি.অ’ৰ 'Project PRABHAA'-ৰ অধীনত আয়োজিত এই বিশেষ শিবিৰত ড০ সুধীৰ জৈন দেৱে ডায়েবেটিছ আৰু ভৰিৰ যত্নৰ বিষয়ে আৰু ড০ ৰাকেশ পেৰিৱাল দেৱে সামগ্ৰিক স্বাস্থ্য ৰক্ষাৰ ওপৰত অতি গুৰুত্বপূৰ্ণ তথা বহুমূলীয়া ভাষণ প্ৰদান কৰে। লগতে ড০ কৃতিকা আগৰৱালা আৰু ড০ চাৰাহ চেলিমৰ তত্বাৱধানত ইচিজি (ECG), তেজ পৰীক্ষা, দন্ত চিকিৎসা আৰু মানসিক স্বাস্থ্যৰ দৰে বিভিন্ন পৰীক্ষাসমূহ ৰাইজৰ বাবে বিনামূলীয়াকৈ আগবঢ়োৱা হয়।

এই সমগ্ৰ যাত্ৰাত আমাক বিশেষভাৱে পথ প্ৰদৰ্শন কৰাৰ লগতে সহযোগ কৰা বাণিজ্য বিভাগৰ মুৰব্বী অধ্যাপক ড০ প্ৰশান্ত শৰ্মা ছাৰ, ড০ তিলক চন্দ্ৰ দাস ছাৰ আৰু জিশান আলী আহমেদক 'আমি অসমীয়া'ৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে বাণিজ্য বিভাগৰ প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীক তেওঁলোকৰ অক্লান্ত পৰিশ্ৰম আৰু সহায়ৰ বাবে 'আমি অসমীয়া' পৰিয়ালৰ ফালৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।

'আমি অসমীয়া' এন.জি.অ'.ৰ প্ৰতিষ্ঠাপক তথা সাধাৰণ সম্পাদক হিচাপে মই বিশ্বাস কৰোঁ যে আমাৰ এই যুটীয়া প্ৰচেষ্টাই সমাজত এক সুস্থ পৰিৱৰ্তন আনিবলৈ সক্ষম হ’ব।

--
'আমি অসমীয়া' এন.জি.অ'.
"মোৰ অসম, মোৰ স্বাভিমান"

15/03/2026

'আমি আসমীয়া'ৰ তৰফৰ পৰা আজি সুন্দৰবড়ী, জালুকবাৰীত অৱস্থিত 'অসম শিশু কল্যাণ সদন' অনাথালয়ত শিশুসকলৰ মাজত কাপোৰ বিতৰণ কৰাৰ সৌভাগ্য লাভ কৰিলোঁ।

কণ-কণ মুখবোৰৰ হাঁহিয়ে মনত এক বিৰল প্ৰশান্তি জগাই তোলে।

Photos from Mridupawan Baruah's post 04/02/2026

Chasing a purpose • Community served • Business Handled • Soul Recharged

Ami Asomiya NGO
Ami Asomiya - আমি অসমীয়া

Photos from Ami Asomiya NGO's post 02/02/2026
18/11/2025

তুমি বিহীন প্ৰথমটো জন্মদিন 💔
কুশলে থাকা 🙏

03/11/2025

Mawphanlur felt like a breath between worlds — where clouds touched our faces, drizzle wrote poems on our skin, and the wind carried our laughter across the hills. 🌧️💙
Some places don’t just stay in memory… they stay in the soul.











.





22/10/2025

জাগ্ৰত জনতাক কৰি দিশভ্ৰষ্ট্ৰ

22/09/2025

"মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই... মই মুক্ত"..

আজি অসমত কোনো হিন্দু নাই, কোনো মিঞা নাই.. কোনো বড়ো নাই, কোনো ৰাভা নাই.. আছে যদি কেৱল মাত্ৰ অসমীয়া..

সেই মদাহী, ছটফটাই ফুৰা, অদ্ভুত বেশভূষাৰ মানুহ বুলি এশ এবুৰি সমালোচনাৰে থকা-সৰকা কৰি পেলোৱা মানুহজনে বাৰু কি এনেকুৱা সমন্বয়ৰ যাদু কৰি গ'ল।

সঁচাকৈ আমি সাক্ষী হৈ ৰ'লো এগৰাকী মহামনীষীৰ.. ধন্য আমি.. 🙏

জয় জুবিন দা

26/05/2025

প্ৰিয় আমি অসমীয়া পৰিয়াল,

২০১২ৰ পৰা ২০১৫লৈ আমি অসমীয়া কেৱল এখন ই-মেগাজিন নাছিল — ই আছিল আমাৰ সকলোৰে হৃদয়ৰ স্পন্দন, য’ত অসমীয়াৰ স্বাভিমানী সত্তাই প্ৰাণ পাই উঠিছিল। এয়া এক অবিস্মৰণীয় যাত্ৰা আছিল, নহয় জানো?

বিধিৰ বিপাক.... কিছু অনাকাংক্ষিত পৰিস্থিতিৰ বাবে আমি থমকি ৰবলগীয়া হ'ল। কিন্তু... আমি অসমীয়াৰ চেতনা কেতিয়াও ম্লান হোৱা নাছিল। উমি উমি জুইকুৰা কৰবাত যেন জ্বলিয়েই আছিল।

এতিয়া, ২০২৫ত, আমি পুৰণি স্মৃতি কিছুমান খুচৰি উলিয়াই এটা নতুন ডমেইনত সেই অমূল্য মুহূৰ্তবোৰ পুনৰ জীৱন্ত কৰিবলৈ চেষ্টা কৰিছো। প্ৰতিটো প্ৰবন্ধ, প্ৰতিটো ছবি, প্ৰতিটো শব্দ আমাৰ অতীতৰ সামূহিক প্ৰচেষ্টাৰ অংশ। আহক, হৃদয়স্পৰ্শী কাহিনীবোৰ, আমাক প্ৰেৰণা দিয়া কণ্ঠবোৰ, আৰু অসমীয়া হিচাপে আমাক গৌৰৱান্বিত কৰা মুহূৰ্তবোৰ পুনৰ জীৱন্ত কৰিবলৈ চেষ্টা কৰোঁ।

https://magazine.amiasomia.org লৈ গৈ কিছু অতীত ৰোমন্থন কৰো আহক। আপোনাৰ ভালপোৱা আৰু সমৰ্থনে আমি অসমীয়াৰ সেই জুইকুৰা পুনৰ জ্বলাব পাৰে।

হৃদয়ৰ গভীৰতাৰ পৰা,
আমি অসমীয়া দল

Ami Asomiya - আমি অসমীয়া Ami Asomiya NGO

Want your business to be the top-listed Government Service in Gauhati?

Click here to claim your Sponsored Listing.

Location

Category

Address

Jalukbari
Gauhati