শিক্ষা কেৱল পাঠ্যপুথিৰ মাজতেই সীমাবদ্ধ নহয়, ই লুকাই থাকে শিশুৰ সৃষ্টিশীলতা, আত্মবিশ্বাস আৰু প্ৰতিভাৰ বিকাশত।
ঢকুৱাখনাৰ আমগুৰি প্ৰাথমিক বিদ্যালয়ত নিয়মীয়া পাঠদানৰ লগতে সংগীত, গীটাৰ, যোগাসন আৰু চিত্ৰকলাৰ চৰ্চাই ছাত্ৰ-ছাত্ৰীসকলক গঢ়ি তুলিছে অধিক আত্মবিশ্বাসী আৰু সৃজনশীল প্ৰতিভা হিচাপে। এই কণমানি প্ৰতিভাবোৰেই অসমৰ উজ্জ্বল ভৱিষ্যতৰ ভেটি৷ বিদ্যালয়খনৰ শিক্ষাগুৰু আৰু শিক্ষাৰ্থীসকললৈ শুভেচ্ছা জ্ঞাপন কৰে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই।
Himanta Biswa Sarma
Dilip Saikia
Nilima Devi
BJP Mahila Morcha Assam Pradesh
It's an official page of Bharatiya Janata Party, Mahila Morcha Assam Pradesh
02/06/2026
আমাৰ আইমাতৃসকলৰ আৰ্থিক স্বাৱলম্বিতা আৰু অন্তৰ্ভুক্তিকৰণৰ কেৱল এক প্ৰতিশ্ৰুতি হৈ থকা নাই, তেওঁলোকৰ আত্মবিশ্বাস আৰু সবলীকৃত মনে ইয়াক এক নতুন উচ্চতা প্ৰদান কৰিছে।
আজি নিজা বেংক একাউণ্টৰ অধিকাৰিণী মহিলাৰ হাৰ ৭৮.৫%ৰ পৰা বৃদ্ধি পাই ৯১.৭%লৈ উন্নীত হোৱাটো এক পৰিসংখ্যা নহয়; ই হৈছে মহিলাসকলৰ আৰ্থিক সবলীকৰণ আৰু স্বনিৰ্ভৰতাৰ এক জীৱন্ত প্ৰমাণ। প্ৰতিগৰাকী মহিলাক আনুষ্ঠানিক বেংকিং ব্যৱস্থাৰ সৈতে সংযোগ কৰাৰ জৰিয়তে গঢ় লৈ উঠিছে অধিক সুৰক্ষিত আৰু সবল অসম।
Dilip Saikia
Nilima Devi
02/06/2026
নতুন বিকাশৰ কাহিনীৰ সূচনা!
মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসম চৰকাৰে ইউৰোপিয়ান ব্লু ভেলী ক্লাষ্টাৰ উদ্যোগৰ জৰিয়তে গঢ়ি তুলিছে পৃথিৱীজোৱা নতুন অংশীদাৰিত্ব।
এডভাণ্টেজ আছাম ২.০ৰ এক উল্লেখযোগ্য ফলস্বৰূপ এই সহযোগিতাই উদ্ভাৱন, উদ্যমিতা আৰু মূল্য সংযোজনক অধিক গতিশীল কৰি তোলাৰ লগতে ৰাজ্যত নতুন বিনিয়োগ, কর্মসংস্থাপন আৰু জীৱিকাৰ সুযোগ সৃষ্টি কৰিব।
Dilip Saikia
Nilima Devi
01/06/2026
অসমীয়া সাহিত্য-সংস্কৃতি জগতৰ স্বনামধন্য ব্যক্তিসত্তা, কবি, সাহিত্যিক, গীতিকাৰ, গৱেষক আৰু শিক্ষাবিদ ড° নিৰ্মলপ্ৰভা বৰদলৈ বাইদেউৰ আজি পুণ্যতিথিত গভীৰ শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ।
Nilima Devi
01/06/2026
অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ অন্যতম প্ৰিয় শিষ্য 'বঢ়াৰ পো' মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱ গুৰুজনাৰ পৱিত্ৰ আৱিৰ্ভাৱ তিথিত তেৰাৰ শ্ৰীচৰণত কোটি কোটি প্ৰণিপাত জনাইছোঁ।
গুৰুজনাৰ দৰ্শন, আদৰ্শ, অমৃত সৃষ্টি আৰু ধৰ্মৰ বাণীয়ে অসমীয়া জাতিক চিৰকাল সমৃদ্ধ কৰি ৰখাৰ লগতে যুগে যুগে পথ দেখাই থাকিব।
Dilip Saikia
Nilima Devi
31/05/2026
মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত Narendra Modi ডাঙৰীয়াৰ ১৩৪ সংখ্যক 'মন কী বাত' কাৰ্যসূচী আজি কলিকতাৰ পণ্ডিত দীনদয়াল উপাধ্যায় প্ৰশিক্ষণ মহাঅভিযানস্থলীত অসম,পশ্চিমবংগ আৰু ত্ৰিপুৰা তিনিওখন প্ৰদেশৰ কাৰ্যকৰ্তাসকলৰ সৈতে শ্ৰৱন কৰে মাননীয় ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই।
Dilip Saikia
Nilima Devi
31/05/2026
পণ্ডিত দীনদয়াল উপাধ্যায় প্ৰশিক্ষণ মহাঅভিযান!
আজি কলিকতাত অসম,ত্ৰিপুৰা আৰু পশ্চিমবংগৰ বিভিন্ন স্তৰৰ দলীয় নেতৃবৃন্দৰ উপস্থিতিত পণ্ডিত দীনদয়াল উপাধ্যায় প্ৰশিক্ষণ মহাঅভিযান অনুষ্ঠানত মাননীয়া ৰাজ্যিক মহিলা মৰ্চাৰ সভানেত্ৰী তথা মঙলদৈ বিধানসভা সমষ্টিৰ বিধায়িকা নীলিমা দেৱী ডাঙৰীয়ানীয়ে অংশগ্ৰহণ কৰে।
আগন্তুক সময়ত দলৰ বিভিন্ন স্তৰত অনুষ্ঠিত হ'বলগীয়া প্ৰশিক্ষণে ভাৰতীয় জনতা পাৰ্টিৰ সাংগঠনিক ভেঁটি আৰু অধিক সুদৃঢ় আৰু শক্তিশালী কৰিবলৈ এই কৰ্মশালাত অনুষ্ঠিত কৰা হয়।
Dilip Saikia
Nilima Devi
31/05/2026
মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই খন্তেক সময়ৰ আগতে অহা ৫ জুনত অসম চৰকাৰৰ মন্ত্ৰী পৰিষদৰ সম্প্ৰসাৰণ কৰা হ'ব বুলি ব্যক্ত কৰে।
Himanta Biswa Sarma
Dilip Saikia
Nilima Devi
31/05/2026
সনাতন সংস্কৃতিৰ উৎথান,মাতৃভূমি আৰু মানৱতাৰ সেৱাত নিজৰ সমগ্ৰ জীৱন উৎসৰ্গা কৰা মহান বীৰাংগনা লোকমাতা অহল্যাবাঈ হোলকৰৰ জন্ম জয়ন্তীত তেখেতক শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ।
Nilima Devi
Click here to claim your Sponsored Listing.
Location
Category
Website
Address
Guwahati
781036
