05/06/2026
বিশ্ব পৰিৱেশ দিৱসৰ এই শুভক্ষণত আহক, আমি সকলোৱে পৰিৱেশ সংৰক্ষণৰ বাবে এক সজাগ আৰু দায়িত্বশীল পদক্ষেপ লওঁ। আমি সকলোৱে এটা গছপুলি ৰোপণ কৰো, প্লাষ্টিকৰ ব্যৱহাৰ হ্ৰাস কৰো । প্ৰকৃতিক সুৰক্ষিত কৰি ৰখিলে হব এখন সেউজীয়া ভৱিষ্যতৰ আৰম্ভণি। 🌍💚
BJYM Assam
02/06/2026
ভাৰতীয় জনতা যুৱ মৰ্চা অসম প্ৰদেশৰ নিৰ্দেশত আজি অৰ্থাৎ ২/০৬/২০২৬ ইং তাৰিখে ভাৰতীয় জনতা যুৱ মৰ্চা উত্তৰ কামৰূপ জিলাৰ এখন সাংগঠনিক সভাৰ অনুষ্ঠিত কৰা হয় ।
উক্ত সভা খনত ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ নিৰ্দেশ মৰ্মে অহা ৫জুন তাৰিখৰ পৰা ২১জুন তাৰিখলৈকে দেশৰ যশস্বী প্ৰধানমন্ত্ৰী মাননীয় শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ চৰকাৰৰ ১২বছৰ বৰ্ষপূৰ্তি উপলক্ষে "বিশ্বাস, উন্নয়ন আৰু জন কল্যাণৰ ১২ বছৰ সম্পূৰ্ণ শীৰ্ষক কাৰ্যসূচী" সমগ্ৰ ৰাজ্যতে পালন কৰা হ'ব । আৰু আগন্তুক সংগঠনৰ কৰিবলগীয়া কাৰ্যসূচীসমূহৰ ওপৰত বিতংভাৱে আলোচনা কৰা হয় ।
উক্ত সভাখনত উপস্থিত থাকে -
• যুৱ মৰ্চা উত্তৰ কামৰূপ জিলাৰ সভাপতি মাননীয় শ্রীযুত জিতু কলিতা ডাঙৰীয়া ।
• যুৱ মৰ্চা উত্তৰ কামৰূপ জিলাৰ প্ৰভাৰী মাননীয় শ্রীযুতা দেৱশ্রী বৰা ডাঙৰীয়ানী ।
• যুৱ মৰ্চা উত্তৰ কামৰূপ জিলাৰ বিষয়বৱীয়াসকল আৰু মণ্ডল সভাপতিসকল ।
স্থান: জিলা কাৰ্য্যালয়, বাইহাটা চাৰিআলি
Anup Barman
Rakesh Das
Jitu Kalita
Debashree Bora
BJYM Assam
24/05/2026
অসমৰ গৌৰৱ বৃদ্ধি কৰিলে লখিমপুৰৰ শ্ৰীৰূপামণি গড় আৰু শ্ৰীমতী ভনীতা টিমুংপীয়ে মাউণ্ট এভাৰেষ্ট জয় কৰি আৰু ITBP-ৰ এভাৰেষ্ট অভিযানৰ নেতৃত্ব দি তেওঁলোকে অসমৰ নাৰীৰ সাহস, শক্তি আৰু আত্মবিশ্বাসৰ এক উজ্জ্বল নিদৰ্শন দাঙি ধৰিছে। তেখেতসকললৈ ভাৰতীয় জনতা যুৱ মৰ্চা , উত্তৰ কামৰূপ জিলাৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা।
Himanta Biswa Sarma
Dilip Saikia
Rakesh Das
Jitu Kalita
CMO Assam
14/05/2026
আজি ৩০ নং হাজো-শুৱালকুছি বিধানসভা সমষ্টিৰ মিত্ৰজোঁটৰ নৱনিৰ্বাচিত বিধায়ক মাননীয় শ্রীযুত প্ৰকাশ চন্দ্ৰ দাস দেৱক “বিজয় উৎসৱ আৰু ৰাজহুৱা সম্বৰ্দ্ধনা” এক অনুষ্ঠানত জাৰতীয় জনতা যুৱ মৰ্চা , উত্তৰ কামৰূপ জিলাৰ তৰফৰ পৰা আৰু পঞ্চতীর্থ মণ্ডলৰ তৰফৰ পৰা সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয় ।
BJYM Assam
12/05/2026
নতুন অসমৰ উন্নয়ন যাত্ৰা আগুৱাই নিয়াৰ প্ৰাকক্ষণত কাইলৈ দেশৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী Narendra Modi ডাঙৰীয়াৰ উপস্থিতিত বিকশিত অসমৰ খনিকৰ ,অসমবাসী ৰাইজৰ হিয়াৰ আমঠু মাননীয় ড° Himanta Biswa Sarma ডাঙৰীয়াই দ্বিতীয় বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। অতিকৈ আনন্দৰ বিষয় যে কাইলৈ NDA ৰ চাৰিগৰাকী সন্মানীয় নৱ নিৰ্বাচিত বিধায়কে কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব৷ তেখেতসকল হ'ল-- শ্ৰীৰামেশ্বৰ তেলী ডাঙৰীয়া, শ্ৰীঅতুল বৰা ডাঙৰীয়া, শ্ৰীচৰণ বড়ো ডাঙৰীয়া আৰু শ্ৰীমতী অজন্তা নেওগ ডাঙৰীয়ানী।
তদুপৰি আমাৰ দলৰ প্ৰাক্তন ৰাজ্যিক সভাপতি তথা মাননীয় নৱ নিৰ্বাচিত বিধায়ক শ্ৰীৰণজিৎ কুমাৰ দাস ডাঙৰীয়াক অসম বিধান সভাৰ সন্মানীয় অধ্যক্ষ পদৰ বাবে প্ৰাৰ্থী হিচাপে ঘোষণা কৰা হৈছে।এই চেগতে বিজেপি আৰু এন ডি এ পৰিয়ালৰ প্ৰতিগৰাকী সন্মানীয় বিধায়ক মোৰ আন্তৰিক অভিনন্দন আৰু শুভকামনা জ্ঞাপন কৰিছোঁ।
.0