Nahor নাহৰ

Nahor নাহৰ

Share

Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Nahor নাহৰ, Social service, Gorchuk Guwahati, Gauhati.

অসমীয়া জাতিৰ সংস্কৃতিৰ শিপা স্বৰূপ, হিয়াৰ আমঠু, প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আদৰ্শ আৰু প্ৰেৰণাৰে গঠিত "নাহৰ", মানুহ, প্ৰকৃতি আৰু জাতিৰ স্বাৰ্থত এক প্ৰচেষ্টা। জুবিন দাৰ সৃষ্টি, মানৱতা, একতা আৰু ভাতৃত্ববোধ হব আমাৰ আদৰ্শ আৰু পথদিশা।
নাহৰ য'ত, জুবিন দা ত'ত।

14/12/2025

Photos from Nahor নাহৰ's post 14/12/2025



ব্ৰহ্মপুত্ৰ নদী খন অসম আৰু অসমীয়াৰ জীৱনধাৰা। প্ৰাচীন কালৰে পৰা ব্ৰহ্মপুত্ৰ নদক কেন্দ্র কৰি এই নদীখনৰ দুয়োপাৰে অসমীয়া সমাজ আৰু সভ্যতা গঢ় লৈ উঠিছে। অসমৰ কলা, সংস্কৃতি, সাহিত্য, গীত, মাত সকলোতে লুইতৰ গতিধাৰাৰ অপৰিসীম অৱদান আছে।বিহুনামৰ পৰা ভূপেন হাজৰিকা, জুবিন দাৰ গীতলৈকে সকলোতে লুইতৰ প্ৰসংগ, অনুসংগ আছে। অসমৰ কৃষি, বাণিজ্য সকলো ব্ৰহ্মপুত্ৰক কেন্দ্রিক বুলি ক'লেও ভুল নহ'ব।কিন্তু অতি পৰিতাপৰ বিষয় যে এছিয়া মহাদেশৰ আৰু ভাৰতৰ প্ৰদূষিত নদীবোৰৰ ভিতৰত ব্ৰহ্মপুত্ৰ ও এখন। অসচেতন কিছু সংখ্যক লোকে যধে মধে ব্যবহাৰ কৰা আৰু দলিয়াই দিয়া প্লাষ্টিকৰ আবৰ্জনা এই প্ৰদূষণৰ মুখ্য কাৰণ। অসমীয়া জাতিৰ আয়ুসৰেখা স্বৰূপ লুইত খন পৰিস্কাৰ কৰি ৰখাটো প্ৰতিজন অসমীয়াৰে কৰ্তব্য। এই কৰ্তব্য আৰু দায়িত্বকে স্মৰণ কৰি আমি নাহৰ গোটে গুৱাহাটীৰ উজানবজাৰৰ সতী ৰাধিকা শান্তি উদ্যানৰ সমীপত ব্ৰহ্মপুত্ৰ পৰিস্কাৰ কৰণৰ এক আঁচনি গ্ৰহণ কৰিছিলো। আজিৰ এই কাৰ্য্যসূচীৰ জৰিয়তে প্ৰায় ১00 কেজি প্লাষ্টিক আবৰ্জনা লুইতৰ পাৰ আৰু পানীৰ পৰা আতৰ কৰিবলৈ সক্ষম হওঁ। অসমৰ মাটি আৰু প্ৰকৃতি ৰক্ষাৰ হকে আমি হাতত লোৱা এই ক্ষুদ্র প্ৰচেষ্টাত আপোনাসৱৰ সহায়, সহযোগিতা আমাৰ একান্ত কাম্য।

13/12/2025

সৃষ্টি আৰু স্ৰষ্টা একত্রিত হয় জুবিন দাৰ গানত।
অসম আৰু অসমীয়া একত্রিত হয় লুইতৰ পাৰত।
প্ৰাণৰ শিল্পী জুবিন দাৰ প্ৰিয় লুইতৰ দুয়োপাৰ পৰিস্কাৰ কৰি ৰখাটো প্ৰতিজন অসমীয়াৰ দায়িত্ব।
জুবিন দাৰ আদৰ্শ সুঁৱৰি অসম, অসমীয়া,অসমৰ মাটি আৰু প্ৰকৃতি ৰক্ষাৰ বাবে আহক আমি অসমৰ জীৱনধাৰা বৰ লুইত পৰিস্কাৰ কৰি ৰাখো।বৰ লুইত বৈ থাকে মানে অসমীয়া জাতি থাকিব; অসমীয়া জাতি থাকে মানে জুবিন দা জীয়াই থাকিব।

স্থান: সতী ৰাধিকা শান্তি উদ্যানৰ সমীপত। উজানবজাৰ, গুৱাহাটী।
তাৰিখ: ১8/১২/২০২৫
সময়: পুৱা ৭ বজাত।

12/12/2025

আজিৰ দিনটো সত‍্যৰ হওক, ন‍্যায়ৰ হওক |

Photos from Nahor নাহৰ's post 22/11/2025

হোজাই জিলাৰ বিহুতলী ৰাজহুৱা খেলপথাৰ প্ৰাংগনত নাহৰ গছৰ ৫৩ টা পুলি ৰোপন ….

20/11/2025

ইয়াতেই দুহাত মেলি উৰে গানৰ চৰাই। ইয়াতেই পোখা মেলে বাট শেষ হোৱা বাটবোৰে। প্ৰতি পুৱাতে ইয়াতেই গুঞ্জৰিত হয় শেষ বুলি ভাবিলেও শেষ নোহোৱা গানবোৰ।

🌱🌱

Want your business to be the top-listed Government Service in Gauhati?

Click here to claim your Sponsored Listing.

Location

Category

Website

Address


Gorchuk Guwahati
Gauhati
781035